ভগবানৰ অস্তিত্ব অস্বীকাৰ
ভগবান নামৰ কোনো বস্তু বা জীৱৰ এই পৃথিৱীত অস্তিত্ব নাই। ভগবান মানুহৰ মনে গঢ়া এক কাল্পনিক ছবি বা কাহিনী।
প্ৰতিটো ধৰ্মতে একো একোটা কাল্পনিক কাহিনী থাকে। এই কাহিনীত অসৎ ব্যক্তি বা গোষ্ঠীটোক ধ্বংস কৰাই এই কাহিনীৰ মূল বৈশিষ্ট্য।
হিন্দু ধৰ্মত মহাভাৰত আৰু ৰামায়ণৰ কাহিনী; খীষ্টিয়ান ধৰ্মত যিশু ৰ কাহিনী; মুছলমান ধৰ্মতো ঠিক তেনেকৈ অন্য এটা বেলেগ কাহিনী। এইবোৰ সকলো মনে-গঢ়া কাহিনী লিখা পুৰণি কালৰ সেই পণ্ডিত সকলৰ কাম। যি সেই সময়ৰ মানুহৰ মনৰ সৰলতাৰ সুযোগ লৈ ভগবান বা ধৰ্ম নামৰ অনুষ্ঠানৰ জন্ম দিলে। এওঁ লোক আচলতে চতুৰ প্ৰকৃতিৰ লোক আছিল। যি নিজৰ নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰ্মৰ সষ্টি কৰিলে।
মই প্ৰত্যেকটো ধৰ্মৰ কাহিনীক সমালোচনা কৰিলে এখন ডাঙৰ কিতাপলৈ পৰিণত হ'ব। গতিকে মোৰ যুক্তিবোৰ চমুকৈ দিবলৈ চেষ্টা কৰিম।
মই ৰামায়ণৰ কথা কৈছো। মই যদি কওঁ ৰামায়ণ খন মিচা আছিল। কি আপোনালোকে বিশ্বাস কৰিব। নিশ্চয় নকৰে।
আমি যদি ইয়াক সাহিত্যিক দৃষ্টি ভংগীৰে চাওঁ তেতিয়া দেখিম যে। এই কাহিনীটোত "হাস্য ৰস, কৰুণ ৰস, বীৰ ৰস, ভয় ৰস, বিস্ময় ৰস আদিৰ সুন্দৰ ভাৱে প্ৰয়োগ ঘতিছে। যাৰ বাবে আপোনালোকে ইয়াক সত্য বুলি স্বীকাৰ কৰিছে।
এজন চিত্ৰকৰে বাহিৰত বৰষুণ দি থকা চিত্ৰখন ইমান সুন্দৰ কৈ বনাব যে আপুনি সেইখন দেখিলে বৰষুণত তিতাৰ ভয়ত বাহিৰলৈ ওলাবলৈ ভয় কৰিব।
হিন্দু ধৰ্মত সত্যযুগ, তেতাযুগ, ডাপৰযুগ এই তিনিতা যুগত এক লালসিত প্ৰতিছবি দাঙি ধৰিছে আৰু শেষত কলিযুগত যিটো নেকি বৰ্তমান চলি আছে। এই যুগত বৰ্তমানৰ এক বাস্তৱ সত্যৰ প্ৰতিছবি দাঙি ধৰি মানুহক কাহিনীবোৰ সত্য বুলি ভাবিবলৈ প্ৰতীয়ন নিয়াব খোজিছে।
আপোনালোকে বুজি পালেনে নাপালে মই নাজানো। ভূকুতে কলটো নপকে। এই কথাবোৰ বুজিবলৈ অলপ সময় লাগিব।
এই ধৰ্মৰ মোখা বিন্ধা মানুহবোৰক কি কবি হিন্দুক সমালোচনা কৰিলে, অন্য ধৰ্মালম্বী লোকসকলে ভাল পায়। আকৌ সিঁহতক সমালোচনা কৰিলে হিন্দুয়ে ভাল পায়।
সিঁহতক কোনে বুজাব জল মানেই পানী আৰু পানী মানেই জল।
Comments
Post a Comment