সুখী কেনেকৈ হ'ব পাৰি

        আমাৰ হাতত আজি যিমান খিনি আছে; আমি তাকলৈ সুখী কিয় সুখী নহয় ? কাৰণ আমাক আৰু লাগে। এই "আৰু" বোলা বস্তুটো কেতিয়াও শেষ নহয়। আমাৰ ওচৰত সুখী হোৱাৰ সকলো সামগ্ৰী থাকিলেও এই "আৰু" বোলা বস্তুটোৰ বাবে আমি সুখী নহয়। আমি সেইজনৰ লগত নিজক তুলনা কৰো। যি জন আমাতকৈ ওপৰত। আমি এবাৰ ভাৱি নাচাওঁ সেই জন কেনেকুৱা পৰিৱেশত থাকি ডাঙৰ-দীঘল হৈছে আৰু কি পৰিৱেশত থাকি আমি ডাঙৰ-দীঘল হৈছোঁ। নিশ্চয় সকলোৱে বেলেগ বেলেগ পৰিৱেশত থাকি ডাঙৰ দীঘল হয়। গতিকে এজনক আন জনৰ লগত তুলনা কৰিব নোৱাৰি। আপুনি যদি এনে কৰে আপুনি কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰিব।

            আপোনাকে কেতিয়াবা ভাৱে নেকি ? যে আপোনাতকৈ দুখী কোনো নাই। আপোনি ভাৱে নেকি ? আপোনি আজি যি পৰ্যায়ত আছে; আপোনিতো বহুত সুখী সেই সকলৰ তুলনাত যিসকলে আপোনাৰ দৰে জীয়াই থকাৰ সপোন দেখে।

        এই পৃথিৱীত বাসগৃহীন পৰিয়াল, শাৰীৰিক ভাৱে পংগু, মানসিক ভাৱে অসুস্থ আদি বহুতো লোক; তেওঁ লোকৰ অন্তৰৰ দোষবোৰক এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰক। তেওঁ লোকৰ তুলনাত আপোনিতো আজি বহু গুণেই সুখী। তথাপিও আমি কিয় নিজক সুখী অনুভৱ নকৰো ?

         আচলতে আমি এই প্ৰতিদ্বন্দীতাৰ পৃথিৱীখনত থাকি পাহৰিয়েই গ'লো আমি কোন ? আমাক কি লাগে ? জীৱনত প্ৰকৃত সুখ পাবলৈ হ'লে সুখ-দুখৰ ঠেকা খাব লাগিব। তেতিয়াহে নিজক উপলব্ধি কৰিব পাৰিব। 

        সুখী হ'বলৈ আমাক কি লাগে ? জীৱনৰ প্ৰকৃত অৰ্থ কি ? এই সকলোবোৰ উপলব্ধি কৰিবলৈ হ'লে মাথোন লাগে এটা অভিজ্ঞ মন। যিয়ে আমাক দোষৰ সময়তো, কঠিন পৰিস্থিতিটো হাঁহি থাকিবলৈ শিকায়। এটা হাঁহিৰ অবিহনে এটা দিন ব্যৰ্থ।

          ------ধন্যবাদ অপোনালোকলৈ-------

আপোনালোকৰ জীৱন যেন সদায় সুখ সমৃদ্ধিৰে ভৰি পৰে

------------------------০-----------০------------------------------
       

Comments

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

আত্মসম্মান বা আত্মমর্যাদা

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।