একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

     আকাংক্ষাক বাস্তবায়িত কৰি তােলাৰ ক্ষেত্রত একাগ্রতাৰ মূল্য অপৰিসীম। মনত ৰাখিব, একাগ্ৰতাৰ মূল উৎস হল ইচ্ছাশক্তি। ইচ্ছাশক্তি আৰু আকাংক্ষাৰ যেতিয়া সংমিশ্রণ ঘটে, তেতিয়া সৃষ্টি হয় এক অপ্রতিৰোধ্য শক্তি। যিসকল মানুহ বিৰাট সৌভাগ্যৰ গৰাকী হয়, তেওঁলােকক ঠাণ্ডা মগজুৰ নির্মম মানুহ বুলি অভিহিত ৰা হয়। তেওঁলােকৰ আচলতে যি থাকে, সি হ'ল প্রৱল ইচ্ছাশক্তি। তেওঁলােকে এই ইচ্ছাশক্তিক নিজৰ আকাংক্ষাৰ স'তে মিশ্রণ ঘটাব পাৰে। তাৰ ফলত যি শক্তিৰ উদ্ভৱ ঘটে, তাৰে তেওঁলােকে নিজৰ উদ্দেশ্য সাধন কৰিবলৈ সফল হয়।


বেছিভাগ মানুহেই কোনাে বাধা বা দুর্ভাগ্যৰ মুখামুখি হলেই তেওঁলােকৰ লক্ষ্যমাত্রাৰ পৰা দূৰৈত ছিটিকি পৰে আৰু হতাশাত আক্রান্ত হয়।

একমাত্র অলপকেইজনমান মানুহেহে এনে বাধা সত্বেও আগুৱাই যােৱাৰ সাহস দেখুৱাব পাৰে আৰু তাত সফল হয়। একাগ্রতাৰ কোনাে বীৰত্বব্যঞ্জক প্রতিশব্দ হয়তাে বিচাৰি পােৱা নাযাব। কিন্তু এজন মানুহৰ চৰিত্ৰত তাৰ স্থান ভালেখিনি গাড়ীৰ ইন্ধনৰ দৰে। মনত ৰাখিব একাগ্ৰতাৰ অভাৱেই হ'ল ব্যর্থতাৰ অন্যতম কাৰণ। তদুপৰি হেজাৰ হেজাৰ মানুহক পৰীক্ষা কৰি এই সত্যত উপনীত হােৱা গৈছে যে, একাগ্রতাৰ অভাৱেই হ'ল তেওঁলােকৰ বেছিভাগৰে এক চৰম দুর্বলতা।

অথচ এই দুর্বলতাক চেষ্টা কৰিলে সহজেই দূৰ কৰিব পাৰি। এই একাগ্রতাৰ অভাৱ দূৰ কৰাৰ বিষয়টো নির্ভৰ কৰে এজন মানুহৰ আকাংক্ষাৰ তীব্রতাৰ ওপৰত। সকলাে ধৰণৰ সাফল্যৰ মূলতে আছে আকাংক্ষা। দুর্বল আকাংক্ষা দুর্বল ফলদায়ক, ঠিক যেনে কম জুইৰ পৰা কম তাপ পােৱা যায়।

আপুনি যদি দেখে যে, আপােনাৰ মাজত একাগ্ৰতাৰ অভাব আছে, তেনেহ'লে আপােনাৰ আকাংক্ষাক উজ্জাৰিত কৰি তােলক। সিয়েই আপােনাক একাগ্র কৰি তুলিব। একাগ্রতা জীৱনৰ প্ৰতিটো পদক্ষেপতে অত্যন্ত জৰী। মনত ৰাখিব, আপােনাৰ সচেতন মনে সকলাে সময়তে কাম কৰি থাকে।

আপুনি অর্থসচেতন নে দাৰিদ্ৰসচেতন?


দাৰিদ্রই তেওঁকেই হেঁচা মাৰি ধৰে, যাৰ মন দুৰ্ৱল। আনহাতে অর্থ বা সৌভাগ্যই তেওঁৰ হাততেই ধৰা দিয়ে, যি সিহঁতক আকর্ষণ কৰিবলৈ সক্ষম হয়। দাৰিদ্ৰ-সচেতনাই তেওঁকহে হেঁচা মাৰি ধৰে, যাৰ মন ইচ্ছাকৃতভাৱে বা অবচেতনভাৱে তাৰ চিন্তাত মগ্ন থাকে।

দাৰিদ্র্য-সচেতনা গঢ়ি উঠে মনক সচেতনাৰ অধীনলৈ আনিবলৈ ব্যর্থ হলে। অর্থ-সচেতনা গঢ়ি তুলিব লগা হয় সচেতনভাৱে, স্বেচ্ছাই।

একাগ্রতা ব্যতীত কোনাে কামতে আপােনাৰ সাফল্যৰ আশা নাই। একাগ্রতা থাকিলে আপুনি আপােনাৰ লক্ষ্যত এদিন উপনীত হ'বই হ’ব – তাত সন্দেহৰ কোনাে অৱকাশ নাই। কেতিয়াবা যদি নৈশ-আতংকৰ চিকাৰ হয়, তেতিয়া আপুনি একাগ্ৰতাৰ গুৰত্ব গভীৰভাৱে উপলব্ধি কৰিব পাৰিব।

ধৰক, আপুনি শুই আছে কিন্তু আপােনাৰ চকুত পাতলীয়া টোপনি। হঠাতে আপােনাৰ ধাৰণা হ'ল, আপুনি যেন অসুকাৰ জগতত বিলীন হ'বলৈ গৈছে। আপোনাক যেন কোনােবাই হেঁচা মাৰি ধৰি আছে। কাতি হ'ব পৰা নাই। দেহাৰ কোনাে পেশীও লৰচৰ কৰিব পৰা নাই। আপুনি উপলব্ধি কৰিবই আপুনি নিজকে নিয়ন্ত্রণ কৰিবলৈ কিবা এটা উপায় অৱলম্বন কৰিব লাগিব। তীব্র আকাংক্ষাত আপুনি মানসিক ইচ্ছাশক্তিক কামত লগাই আপুনি অলপ অলপকৈ হাতত আঙুলি লৰাব বিচাৰিলে। অলপ অলপকৈ হাতত পেশীও লৰাবলৈ সক্ষম হল।

অৱশেষত এনেদৰে সমস্ত শৰীৰ আকৌ স্বাভাবিক হ'লে আপুনি নিজকে আকৌ ঘুৰাই পাব। এনেদৰেই স্তৰে স্তৰে অগ্রসৰ হােৱা পিছত আপুনি সেই নৈশ- আতংক দূৰ কৰি স্বাভাৱিক হ'ব পাৰিলে। এনেদৰেই আমি আমাৰ ইচ্ছাশক্তিক কামত লগাব পাৰোঁ।

   মানসিক জড়তা দূৰ কৰাৰ উপায়


আপুনি আপােনাৰ মানসিক জড়তা দূৰ কৰিবলৈ এনেদৰে লাহে লাহে আৰম্ভ কৰি গতি বৃদ্ধি কৰিব লাগিব। আপুনি আপােনাৰ ইচ্ছাশক্তিক সম্পূর্ণৰূপে নিয়ন্ত্রণলৈ আনিব নােৱৰালৈকে অলপ অলপকৈ কাম কৰি যাব লাগিব।

আগতেই কৈ অহা হৈছে যে, একাগ্ৰতাৰ হাত ধৰিহে সাফল্য আহে। আপুনিআপােনাৰ বিশেষজ্ঞ মনৰ সহায়ত নিশ্চিতভাৱে একাগ্রতাক গড়ি তুলিব পাৰিব। যিসকলে বিপুল সম্পদ আহৰণ কৰিছে, তেওঁলােকে ঠিক এই পদ্ধতিতেই কাম কৰি সাফল্যৰ শিখৰ ছুইছিল। তেওঁলােকে আত্মশক্তিক কামত খটোৱাই একাগ্রতা গঢ়ি তুলিছিল। যিসকল মানুহে একাগ্ৰতাৰ অনুশীলন কৰে, তেওঁলােকে জীৱনত কেতিয়াও ব্যর্থতাৰ মুখ চাবলগীয়া নহয়। মাজে মাজে এনে ধাৰণা হয়, ক'ৰাত যেন আমাৰ জীৱনৰ এজন পথ-প্রদর্শক আছে, যাৰ কর্তব্য হল মানুহক পৰীক্ষাৰ মাজেদি সকলাে ধৰণৰ হতাশাময় অভিজ্ঞতাৰ জাল ছিগি সাফল্যৰ শীৰ্ষলৈ লৈ যােৱা।

যিসকলে এনেদৰে সাফল্যৰ শীর্ষলৈ আৰোহণ কৰিবলৈ সক্ষম হয়, তেওঁলােকক পৃথিৱীয়ে হাত-চাপৰি বজায় অভিনন্দন জনায়।

আমাৰ জীৱনত লুকাই থকা পথ-প্রদর্শকে কাকো পৰীক্ষা নকৰাকৈ একোকে দান নকৰে। যিসকলে জীৱনৰ বাটত একাগ্রতাৰে আগুৱাই যাব নােৱাৰে তেওঁলােক হতাশাত ভাগি-ছিগি চুৰমাৰ হৈ যায়। আনহাতে যিসকলে একাগ্রতাক সাৰথি কৰি আগুৱাই যায়, তেওঁলােকে সাফল্যৰ উচ্চতম শিখৰ আৰহণ কৰিবলৈ সক্ষম হয়।

  আপােনাৰ ব্যর্থতাক অতিক্রম কৰক


কিছু সংখ্যক মানুহে একাগ্রতাৰ মূল্য তেওঁলােকৰ অভিজ্ঞতাৰ পৰাই উপলব্ধি কৰিব পাৰে। তেওঁলােক এনে ধৰণৰ মানুহ, যিসকলে পৰাজয়ক সাময়িক ঘটনা বুলি গ্রহণ কৰিবলৈ অভ্যস্ত। তেওঁলােক এনে এক দৃঢ় চৰিত্ৰৰ মানুহ যে, তেওঁলােকৰ আকাংক্ষাক এনে স্তৰত উপনীত কৰিব পাৰে, যাৰ বাবে পৰাজয় তেওঁলােকৰ জীৱনত জয়ত পৰিণত হয়। আমি প্রায়ে দেখিবলৈ পাওঁ আমাৰ চাৰিওফালৰ অজস্র মানুহ নিতৌ পৰাজয়ৰ গ্লানিক বুকুত সাবটি ধৰি জীৱন-যুঁজৰ পৰা পলায়ন কৰিছে। তেনে মানুহ জীৱনত আৰু কেতিয়াও মেৰুদণ্ড পােন কৰি থিয় হ'ব নােৱাৰে।
      আনহাতে, আমি এনে কিছু সংখ্যক মানুহ দেখিবলৈ পাওঁ, যিসকলক ব্যর্থতাই পৰাজিত কৰিব নােৱাৰে। বৰং ব্যর্থতাক দমন কৰি তেওঁলােকে সাফল্যৰ ৰাজ্যত প্ৰৱেশ কৰে। সৌভাগ্যৰ বিষয় যে, এইবােৰ মানুহে কোনাে সময়তে জীৱনক বিপথে পৰিচালিত হ'বলৈ দিব নুখুজে। আমি আপাতদৃষ্টিত দেখিবলৈ নােপােৱা এক আচৰিত মানসিক শক্তিয়ে এইসকল মানুহক সুপথে পৰিচালনা কৰি লৈ যায়; তেওঁক ব্যর্থতাৰ আগত নতজানু হবলৈ নির্দিয়ে। এই মানসিক শক্তি যাৰ আছে, তেওঁক জীৱনৰ কোনাে প্রতিকূলতাই প্রতিহত কৰিব নােৱাৰে। তেওঁলােক অপ্রতিৰোধ্য।

    কিন্তু এটা বিষয়ত আমি নিশ্চিত থাকিব পাৰোঁ যে, যিসকলৰ একাগ্রতা নাই, তেওঁলােকে কোনাে মতেই জীৱনত সাফল্য লাভ কৰিব নােৱাৰে।

ফেনি হার্টছৰ জীৱনত একাগ্রতাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সেই একাগ্রতাৰেই তেওঁ গ্রেট হােৱাট হাউছ জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ নিউ ইয়র্কলৈ আহিছিল ১৯১৫ চনত। উদ্দেশ্য লিখা-মেলা কৰি ধনী হােৱা। এই সাফল্য কিন্তু তেওঁৰ জীৱনলৈ সহজে অহা নাছিল। মিছ, হার্টছে একে-লেথাৰিয়ে চাৰি বছৰ ধৰি নিউ ইয়র্কৰ বাটে বাটে ঘূৰি ফুৰিছিল প্রত্যক্ষ অভিজ্ঞতা অর্জনৰ আশাত। দিনটো পৰিশ্ৰম কৰি আকৌ নিশা চিন্তাৰ মাজেদি পাৰ হৈ যায়। তাৰ মাজেৰেই তেওঁ লিখা-মেলাৰ কাম চলায় গৈছিল। কিন্তু 'ছেটাৰডে ইভিনিং পােষ্ট কাকতৰ পৰা তেওঁৰ প্রতিবেদন ৩৬ বাৰ ঘূৰি আহিছিল। কিন্তু তৎসত্ত্বেও তেওঁ হাৰ মনা নাছিল। তেওঁ লিখিয়েই গৈছিল।

     সাধাৰণ কোনাে লেখক বা মানুহ হােৱা হলে বহু আগতেই হতাশ হৈ পৰিলহেঁতেন। কিন্তু মিছ, হার্টছ চাৰি বছৰ ধৰি নিউ ইয়র্কব বাটে বাটে ঘুৰি ফুৰিছিল, নিয়মিতভাৱে লিখিছিল, কাকতৰ অফিচলৈ সেইবােৰ পঠিয়াই। নিজৰ লেখা বাৰে বাৰে ঘূৰি অহা সত্বেও তেওঁ হতাশ হােৱা নাছিল। কাৰণ, তেওঁ জানিছিল যে, এদিন নহয় এদিন তেওঁ সফল হ'বই হব।

অৱশেষত সঁচাকৈয়ে মিছ হার্টছ সফল হল। তেওঁৰ বন্ধ্যাত্বৰ অৱসান ঘটিল। আমাৰ জীৱনৰ গােপন পথ-প্রদর্শকে ফেনি হার্টছক পৰীক্ষা কৰি তেওঁৰ প্রতি সদয় হৈছিল।

কাকতত তেওঁৰ প্রথম প্রতিবেদনখনেই প্রকাশ হােৱাৰ লগে লগে কাকত- আলােচনীবােবৰ সম্পাদকৰ চকু থিয় হ'ল। সকলােৱে ফেনিৰ ওচৰলৈ ঢাপলি মেলিলে তেওঁৰ লেখা বিচাৰি। ফলত ফেনিয়ে দিনে ৰাতিয়ে লিখিবলৈ আৰম্ভ কবিলে। তৎসত্বেও প্রকাশক-সম্পাদকসকলৰ চাহিদা পূৰণ কৰিব নােৱাৰা হ'ল। ফলত তেওঁৰ হাতলৈ আহিবলৈ ধৰিলে অর্থৰ স্রোত। এসময়ত অৱস্থা এনেকুৱা হ'লগৈ যে, তেওঁ নিউ ইয়র্কৰ অন্যতম প্রধান ধনী লেখিকাত পৰিণত হ'ল। আৰু তেওঁৰ খ্যাতি ৰৈ-বৈ যায়।

তেনেদৰেই এদিন তেওঁৰ প্ৰৱেশ ঘটে চলচিত্ৰৰ জগতলৈ। ফলত বেংকত তেওঁৰ টকা উপচি পৰিছিল।

ফেনিৰ জীৱনলৈ এই অলৌকিক পৰিৱৰ্তন আছিল নিজৰ একাগ্ৰতাৰ বলত। ফেনি হার্টছ কোনাে পৃথক গৃহৰ মানুহ নাছিল। তেওঁ ও আমাৰ দৰেই এগৰাকী সাধাৰণ মানুহেই আছিল। যেতিয়াই দেখিব কোনােবা পুৰুষ বা মহিলা প্রচুৰ সম্পদৰ অধিকাৰী হ'ব পাৰিছে, তেতিয়াই জানিব একাগ্রতাই তেওঁলােকক পুৰস্কাৰেৰে সম্মানিত কৰিব পাৰিছে।

কেট স্মিথে হয়তাে এই কাহিনী পাঠ কৰি বাঃ বাঃ' বুলি আটাহ্ পাৰি উঠিব। কাৰণ, বছৰ পিছত বছৰ তেওঁ কোনাে অর্থ-কড়ি নােলােৱাকৈয়ে গান গাই ফুৰিছিল। তেওঁৰ উদ্দেশ্য আছিল প্রথমতে জনপ্রিয়তা লাভ কৰা।কাৰণ, জনপ্রিয়তা বৃদ্ধি পালেহে তেওঁৰ কদৰ বাঢ়িব। অৱশেষত তেওঁ জনপ্রিয়তা লাভ কৰিছিল আৰু বিভিন্ন প্রমােটৰে তেওঁক শকত পৰিমাণ ধন দি বিভিন্ন মঞ্চত গান গাবলৈ মাতি নিছিল।


আপুনি নিজকে একাগ্ৰতাৰ শিক্ষা দান কৰিব পাৰে !


একাগ্রতা হ'ল মনৰ এই বিশেষ অবস্থা। সেয়ে ইয়াৰ লালন-পালন কৰিব পৰা যায়।একাগ্ৰতাৰ গঢ়ি তােলাৰ বেলিকা তলৰ কথাবােৰ মনত ৰাখিব লাগিব।

১। নির্দিষ্ট উদ্দেশ্য:-

একাগ্রতা গড়ি তুলিবৰ বাবে প্ৰথমতেই প্রয়ােজন কিবা এটা নির্দিষ্ট কাম কৰাৰ ইচ্ছা। দৃঢ় ইচ্ছাৰে বহু বাধা অতিক্রম কৰিব পৰা যায়।

২। আকাংক্ষা:-

মনত যদি প্রৱল আকাংক্ষা থাকে, তেনেহলে একাগ্রতা আয়ত্ত কৰাটো ভালেখিনি সহজ হৈ পৰে।

৩। আত্মবিশ্বাস:-

কোনাে কাম কৰিবৰ বাবে নিজৰ ওপৰত আস্থা বা বিশ্বাস থাকিলে একাগ্রতা আয়ত্ত কৰাটো সম্ভৱ হয়।

৪। নির্দিষ্ট পৰিকল্পনা:-

শৃংখলাপূর্ণ পৰিকল্পনা একাগ্রতাক আয়ত্তলৈ অনাৰ ক্ষেত্রত অন্যতম প্রধান পথ।

৫। নির্ভুল জ্ঞান:-

    নির্ভুল জ্ঞান বা নিজৰ পৰিকল্পনা নিখুঁত—এই বিষয়ে নিশ্চিত হব পাৰিলে আপুনি আপােনাৰ উদ্দেশ্য সাধন কৰিব পাৰিব।

৬। সহযােগিতাঃ

সহানুভূতি, পাৰস্পৰিক বুজা-পৰা, সহযােগিতা ইত্যাদিয়ে একাগ্রতা গঢ়ি তােলাৰ ক্ষেত্ৰত সহায় কৰে।

৭। ইচ্ছাশক্তি :

কোনাে পৰিকল্পনা প্রস্তুত কৰা সময়ত দৃঢ় ইচ্ছাশক্তিয়ে টনিকৰ দৰে কাম কৰে। আৰু তাৰ ফলস্বৰূপে গঢ়ি তােলা সম্ভৱ হয় একাগ্রতা।

৮। অভ্যাস:-

একাগ্রতা হল পােনপটীয়াভাবে অভ্যাসেৰেই ফল। মনে প্রতিদিনৰ অভিজ্ঞতাক আত্মস্থ কবে। সেয়ে ভয়ক এই অভিজ্ঞ মনেৰে জয় কবিব পাৰি। যিসকল মানুহৰ যুদ্ধক্ষেত্ৰৰ অভিজ্ঞতা আছে, তেওঁলােকে মনৰ এই শক্তিৰ কথা জানে।

     আপােনাৰ একাগ্রতাৰ পৰিমাপ কৰক


একাগ্রতাৰ অধ্যায় শেষ কৰাৰ আগতে আপােনাৰ নিজৰ নাে কিমানখিনি কামৰ বাবে একাগ্রতা আছে—সেই বিষয়ে এবাৰ পৰিমাপ লােৱা যাওক। সাহস সৈতে নিজকে জনাৰ চেষ্টা কৰক। বিচাৰ কৰি চোৱাৰ চেষ্টা কৰক, ওপৰত যি আঠটা নীতিৰ কথা কোৱা হ'ল, তাৰে কোন কোন নীতি আপােনাৰ মাজত অনুপস্থিত।

এই বিশ্লেষণৰ পৰিণতিত আপুনি অৱশ্যেই আৱিষ্কাৰ কৰিব পাৰিব,আপােনাৰ নাে ক'ত দুর্বলতা আছে। তাৰ ফলত নিজকে এটা নতুন পােহৰৰ মাজত উদ্ভাসিত হােৱা দেখিবলৈ পাব। তাৰ পৰাই আপুনি জানিবলৈ সক্ষম হ'ব, আপােনাৰ সাফল্যৰ বাটত ক'ত নাে কেণা লাগিছে। সেয়ে এইবাৰ তলৰ নীতিবোৰত এবাৰ দৃষ্টি নিক্ষেপ কৰক। এইবােৰে আপােনাৰ দুর্বলতাৰ ফালে আঙুলিয়াই দিব। সঠিক চিন্তাৰে এই দুর্বলতা অতিক্রম কৰিব সক্ষম হ'লেই আপুনি সহজ-গতিৰে সাফল্যৰ ফালে আগুৱাই যাব পাৰিব।

১। ঠিক কি বিচাৰিছে, তাক বুজাৰ ব্যর্থতা।

২/ অকাৰণ দীর্ঘসূত্রতা (তাৰ লগতে নানা অজুহাত)। 

৩। বিশেষ জ্ঞান আহৰণত অনীহা।

৪। অস্থিৰচিত্ততা আৰু সঠিক সিদ্ধান্ত গ্রহণত ব্যর্থতা।

৫। নির্দিষ্ট পৰিকল্পনা প্রস্তুত নকৰি সমস্যা সমাধানৰ বেলিকা নানা অজুহাত দশোৱা।

৬। আত্মতুষ্টিত আপােন পাহৰা হৈ থকা। (আত্মতুষ্টিত ভােগাসকলৰ দ্বাৰা জীৱনত কোনাে ডাঙৰ কাম সমাধা নহয়।)

৭। যিকোনাে বিষয়তে নির্বিকাৰ হৈ থকা। যিকোনাে অৱস্থাক মানি লৈ তাৰ বিৰুদ্ধে যুঁজা মানসিকতা বিসর্জন দিয়া।

৮। নিজৰ ভুলৰ বাবে আনক দোষাৰােপ কৰা, অসুবিধাক অৱশ্যম্ভাৱী বুলি মানি লােৱাৰ মানসিকতা।

৯। অকাংক্ষা গঢ়ি তােলাৰ ক্ষেত্ৰত দুর্বলতা আৰু অৱহেলা।

 ১০। প্রথম পৰাজয়তে হাৰ স্বীকাৰ কৰি লােৱা।

১১। পৰিকল্পিত নির্দেশনা প্রস্তুত কৰাৰ ক্ষেত্ৰত অনীহা। বিশ্লেষণৰ অভাব। 

১২। কোনাে ধাৰণাৰ জন্ম দিয়াৰ ক্ষেত্রত ব্যর্থতা বা সুযােগ আহিলেও তাক কামত লগােৱাৰ ক্ষেত্ৰত ব্যর্থতা।

১৩। ইচ্ছাশক্তিক জাগ্রত নকৰি মাথােন আশা সপােন ৰচনা কৰা।

১৪। ধন আহৰণৰ ইচ্ছাক উজ্জীবিত কৰাৰ সলনি দাৰিদ্র্যৰ মাজতে লেটিলৈ থকাৰ ইচ্ছা। কোনাে ধৰণৰ উচ্চাকাংক্ষাৰ অভাব।

 ১৫। ধন আর্জনৰ ক্ষেত্রত সহজ পথৰ সন্ধান কৰা; অর্থাৎ ইজিমানি'ৰ পিছত দৌৰি ফুৰা। অর্থ উর্পাজনৰ বাবে যথাযথ পৰিকল্পনা গ্রহণ নকৰা।

১৬। সমালােচনাৰ ভয়ত কোঙা হৈ থকা। পৰিকল্পনা অনুযায়ী কাম কৰাৰ ক্ষেত্রত ব্যর্থতা। অৱচেতন মনত কাৰোবাৰ শত্রুতাৰ আকাংক্ষা পােষণ কৰা।

      আপুনি যদি সমালােচনাক ভয় কৰে


এইখিনিতে সমালােচনাৰ ভয়ৰ বিষয়ে কিছু খুটি নাটি কথা আলােচনা কৰা যাওক।

বেছিভাগ মানুহেই তেওঁলােকৰ আত্মীয়-স্বজন, বন্ধুবান্ধৱ সাধাৰণ মানুহক তেওঁলােকক এনেদৰে প্ৰভাৱিত কৰিবলৈ সুযােগ দিয়ে যে, তেওঁলােকে নিজৰ দৰে জীন-যাপনত ব্যর্থ হয়।কাৰণ, তেওঁলােকে সমালােচনাৰ ভয়ত আতঙ্কিত হৈ থাকে।
বহু সময়ত হেজাৰ হেজাৰ মানুহে বিয়াৰ বেলিকা নানা ধৰণৰ লােভৰ চিকাৰ হৈ নানা ভুল কৰে। তাৰ পৰিণতিত তেওঁলােকৰ জীৱন বহু সময়ত দুর্বিষহ হৈ পৰে। আৰু সেই দুর্গতি আহে তেতিয়াহে, যেতিয়া তেওঁলােকে নিজৰ ভুল সংশােধন কৰিবলৈ ব্যর্থ চেষ্টা চলায়। এনে ধৰণৰ পৰিস্থিতিয়ে মানুহৰ উচ্চাকাংক্ষাক ভীষণভাৱে ক্ষতিগ্রস্ত কৰে।

      বহু মানুহে স্কুল/কলেজত পঢ়িবলৈ এৰি দিয়াৰ পিছত অলপকৈ আকৌ সেই শিক্ষা গ্ৰহণৰ ইচ্ছা থাকিলেও তাক কৰিবলৈ ভয় কৰে, আৰু সেই ভয় সমালােচনাৰ ভয়।

লাখ লাখ মানুহে তেওঁলােকৰ সংসাৰ অসুখৰময় কৰি তােলে কর্তব্য কৰিবলৈ গৈ, কাৰণ তেওঁলােকে ভয় কৰে সমালােচনাক। তেওঁলােকৰ মনত সকলাে সময়তে এই ভয়ে কাম কৰে যে, নিজৰ ওপৰত অর্পিত দায়িত্ব বাৰু তেওঁ যথাযথভাবে পালন কৰিব পাৰিবনে!

      এনেও দেখা যায় যে, বহু মানুহেই নিজৰ ব্যবসায় ক্ষেত্রত কোনাে পৰিবর্তন ঘটাবলৈ সাহস গােটাব নােৱাৰে। ইয়াতাে সেই সমালােচনাৰ ভয় লুকাই থাকে। এই ক্ষেত্ৰত সমালােচনাৰ ভীতি তেওঁলােকৰ উন্নতিৰ আকাংক্ষাতকৈও বেছি প্রবল।

     বহু মানুহেই নিজৰ উচ্চাকাংক্ষাক বেছি দূৰ আগুৱাই নিব নােৱাৰে, কাৰণ তেওঁলােক এই ভয়ত সম্ভ্ৰস্ত হৈ থাকে, জানােচা তেওঁলােকৰ আত্মীয়-স্বজন বা বন্ধুবান্ধৱসকলে কয় ?

"ইমান বেছি আশা নকৰিবা, মানুহে বলিয়া বুলিব।”

এন্ড্ৰু কার্নেগীয়ে যেতিয়া প্রথম মােক কৈছিল মই যেন কুৰি বছৰ ধৰি মানুহৰ ব্যক্তিগত কর্ম-কাণ্ডৰ বিষয়ে কোনাে প্রতিষ্ঠানৰ গবেষণা চলাও তেতিয়া মােৰ প্ৰথমেই ভয় হৈছিল মানুহে শুনিলে কি ক'ব। অথচ মিঃ কার্নেগীৰ সেই পৰামৰ্শ যে মােৰ জীৱনৰ এক বতৰাৰ দৰেই প্রতীয়মান হৈছিল, তাত কোনাে সন্দেহ নাই। এনে পৰামৰ্শ মই জীৱনত কেতিয়াও কাৰো পৰা পােৱা নাছিলাে। কিন্তু কথাটো শুনাৰ পিছত মােৰ মনক যেন কোনােবাই ক’বলৈ আৰম্ভ কৰে।

এই কাম তােমাৰ বাবে অসম্ভৱই যে বিৰাট কাম আৰু তাত প্রচুৰ সময়াে লাগিব। আজিলৈকে কোনাে মানুহৰ জীৱন-দর্শনক লৈ ইমান ডাঙৰ গৱেষণা কৰা নাছিল। ইয়াৰ পৰা নাে তােমাৰ কিটো লাভ, আর্থিকভাৱেই বা সি তােমাক কেনেদবৰে সহায় কৰিব। তােমাৰ সংসাৰেই বা চাব কোনে? দর্শন সম্পর্কে তুমি কিয়েই বা জানা। মানুহে তোমাক বলিয়াৰ বাহিৰে আন একোকে নাভাৱে। এবাৰ ভাবি চোৱাচোন, কোনােবাই কেতিয়াবা এনে অদ্ভুত গবেষণাৰ কামত হাত দিছিল নেকি?”

এনে ধৰণৰ নানা প্রশ্নই মােৰ মনত তােলপাৰ লগাইছিল। তাৰ লগতে মােৰ মনে সেইবােৰ প্রশ্নৰ যােগ্য উত্তৰৰ বিচাৰিবলৈ আৰম্ভ কৰে। মােৰ ধাৰণা হৈছিল সমস্ত পৃথিৱী যেন হঠাতে মােৰ বিৰুদ্ধে শুচি গৈছিল। মই যেন মিঃ কার্নেগীৰ সেই পৰামৰ্শ গ্রহণ নকৰোঁ, তেনে এক মানসিক হেচা মােৰ ওপৰত পৰিবলৈ লৈছিল।

    সি যি কি নহওক, মােৰ জীবনলৈ এটা চমৎকাৰ সুযােগ আহিছিল। মই তাক গ্রহণ কৰিছিলাে। ফলত মােৰ পৰৱর্তী জীৱনত হেজাৰ হেজাৰ মানুহৰ জীৱন বিশ্লেষণ কৰাৰ পিছত মই আৱিষ্কাৰ কৰিবলৈ লওঁ যে, বেছিভাগ ধাৰণাই মৃত অৱস্থাত জন্ম হয়। আমাৰ দায়িত্ব হাল সেইবােৰক জীয়াই তােলাৰ বাবে সুন্দৰ পৰিকল্পনা আৰু তাৰ লগতে কামত জঁপিয়াই পৰা। যিকোনাে পৰিকল্পনাকেই তাৰ জন্মৰ মুহূর্ততে সবল কৰি তােলা উচিত।

     মনত ৰাখিব, সমালােচনাৰ ভয়েই সকলাে ধৰণৰ উচ্চাকাংক্ষাৰ আটাইতকৈ ডাঙৰ শত্রু। তাৰ ফলতেই বহু পৰিকল্পনা অকালতে নষ্ট হৈ যায়।

         সুযােগ তৈয়াৰ কৰিব পৰা যায়

বেছিভাগ মানুহেই বিশ্বাস কৰে যে, বাস্তৱ সাফল্য আহে সম্ভাৱ্য সুযােগ লাভ কৰাৰ মাজেদি। হয়তাে এই কথাটোত কিছু পৰিমাণে সত্যতা আছে। কিন্তু বেছিভাগ মানুহেই ভাগ্যৰ ওপৰত নিজকে সঁপি দি ব্যর্থ হয়। এই ক্ষেত্ৰত তেওঁলােকে এটা ভুলেই কৰে, সেইটো হল তেওঁলােকে এটা গুৰুত্বপূর্ণ কথা পাহৰি যায়। সেই কথাটো হ'ল, সেই সুযােগ সৃষ্টি কৰিব পৰা যায়। 
    আমেৰিকাৰ অর্থনৈতিক দুর্দশাৰসময়ত বিখ্যাত কৌতুক অভিনেতা ডব্লিও.চি. ফিলছৰ চাকৰি হাতছাড়া হয়, লগতে তেওঁৰ সমস্ত ধন-সম্পদ হাতছাড়া হয়। তেওঁ প্রায় নিঃস্ব হৈ পৰে। তেওঁৰ খােৱা-পিন্ধাৰ অৱস্থাও নােহােৱা হৈছিল। তেতিয়া তেওঁ বয়স ষাঠী পাৰ হৈ গৈছিল, যাক মানুহে বৃদ্ধ বুলিয়েই অভিহিত কবিছিল। তৎসত্বেও তেওঁ মঞ্চলৈ উভতি আহিবলৈ ইমান বেছি ব্যগ্র হৈ পৰিছিল যে, সেই ব্যর্থতাই তেওঁক নতুন চিন্তাৰ খােৰাক দিছিল। সেই নতুন চিন্তাটো আছিল চলচ্চিত্র। তেওঁ তাত বিনাপাৰিশ্রমিকতে কাম কৰিবলৈ প্রস্তুত বুলি পৰিচালক-প্রয়ােজকসকললৈ চিঠি লিখি জনাইছিল।

   কিন্তু এইখিনি সময়তে অইন এটা বিপদে তেওঁৰ জীৱনত ভুমুকি মাৰে। কিবাকৈ তেওঁৰ কান্ধত আঘাত লাগে। ফলত কান্ধৰ বিষত ফিলছ অস্থিৰ হৈ পৰিছিল। আন মানুহ হােৱা হলে সেই কান্ধৰ বিষৰ অজুহাতত সকলাে পৰিকল্পনা বাতিল কৰি দিলেহেঁতেন। কিন্তু ফিলছৰ উদ্যমত অলপাে ভেটা নপৰিল। তেওঁ বিশ্বাস কৰিছিল যে, একাগ্রভাৱে লাগি থাকিলে তেওঁ এদিন জীৱনত সফল হ'বই।একাগ্ৰতাৰ লগতে প্রয়ােজন হ’ব সঠিক চিন্তাৰ। প্রতিটো পদক্ষেপেই ভাবি-চিন্তি দিব লাগিব।

ফিলছেও নিজৰ সদর্থক চিন্তাৰ বলত জীৱনত আকৌ সাফল্যৰ মুখ দেখিছিল।
তেওঁ চিনেমাত কাম কৰাৰ সুযােগ পাইছিল। ফলত তেওঁৰ হাতলৈ প্রচুৰ ধন আহিছিল। তেওঁৰ সেই সাফল্যৰ মূলতে আছিল সঠিক চিন্তা আৰু একাগ্রতা।

মেৰি ড্রেছলাবৰ জীবনতাে ঠিক তেনেকুবাই ঘটনাই ঘটিছিল। তেওঁ নিজৰ সমস্ত ধন-সম্পদ লগতে চাকৰিও হেৰুৱাব লগীয়া হৈছিল। তেতিয়া তেওঁৰ বয়স হৈছিল ষাঠী বছৰ। কিন্তু তেওঁৰ একাগ্রতাই তেওঁৰ আগত নতুন এক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছিল। যি বয়সৰ বেছিভাগ মানুহে তেনে সংকটৰ সময়ত হতাশ হৈ পৰিলেহেঁতেন, সেই বয়সত তেওঁ নতুন আশা, নতুন উদ্যমেৰে সুযােগৰ সন্ধানত লাগি গৈছিল। অৱশেষত তেওঁ সেই প্রচেষ্টাত সকলাে হৈছিল।

     এ.ডি. কেন্টৰে ১৯২১ চনত শ্বেয়াৰ বজাৰত তেওঁৰ সমস্ত ধন-সম্পদ নষ্ট কৰিছিল। কিন্তু একাগ্রতা আৰু সাহসে তেওঁক আকৌ সসন্মানে জীৱনত প্রতিষ্ঠা পােৱাত সহায় কৰিছিল আৰু তেওঁৰ উপার্জন হ'বলৈ লৈছিল প্রতি সপ্তাহে পাঁচ লাখ টকা। 
     যি সুযোগ মানুহৰ জীৱনলৈ আহে সি হঠাতে নাহে, তাক অর্জন বা প্রস্তুত কৰিব লগা হয়। ইয়াৰ গুৰিৰ কথাটো হ'ল তাৰ বাবে কোনাে নির্দিষ্ট উদ্দেশ্য থাকিব লাগিব। শতকৰা ৯৮ ভাগ মানুহক প্রশ্ন কৰি চাওক, তেওঁলােকৰ জীৱনৰ উদ্দেশ্য নাে কি ? তেওঁলােকৰ বেছিভাগেই উত্তৰ দিব যে, তেওঁলােকে সেই বিষয়ে একোকে নাজানে বা সেই বিষয়ে তেওঁলােকে একোকে ভবা নাই। তাৰ পিছতাে যদি আপুনি তেওঁক হেঁচা দিয়ে, কোনােবাই ক'ব 'নিৰাপত্তা", আন কোনােবাই ক'ব 'ধনসম্পদ আহৰণ; কোনােবাই ক'ব 'সুখী হােৱা', আন কোনােবাই ক'ব খ্যাতি আৰু ক্ষমতা অর্জন কৰা বা সামাজিক প্রতিষ্ঠা।

তাৰ পিছত যদি তেওঁলােকৰ পৰা জানিব বিচাৰে তেওঁলােকে সেই উদ্দেশ্য পুৰণৰ বাবে কিবা পৰিকল্পনা কৰিছে নে নাই—তেনেহ'লে তেওঁলােকৰ বেছিভাগেই নাই বুলি ক'ব। ভাৱিলে আচৰিত লাগে যে, তেওঁলােকে মাথােন ইচ্ছাহে কৰে, সেই ইচ্ছা পূৰণৰ বাবে কোনাে উদ্যোগ নলয়।

        একাগ্ৰতাক উন্নত কৰাৰ উপায়

একাগ্রতা উন্নত কৰাৰ বাবে চাৰিটা সহজ উপায় আছে। তাৰ বাবে খুব বেছি পঢ়া-শুনা বা বুদ্ধিৰ প্ৰয়ােজন নহয়, লাগে মাথােন সামান্য সময় আৰু চেষ্ট।

সেই দৰকাৰী পদ্ধতি কেইটা হ'ল:-

 ১। এক নির্দিষ্ট উদ্দেশ্য - যাৰ আঁৰত থাকিব তাক পূর্ণ কৰিব পৰাৰ জলন্ত আকাংক্ষা।

২। নির্দিষ্ট কোনাে পৰিকল্পনা – নিৰৱচ্ছিন্নভাৱে তাক কামত লগােৱাৰ প্রচেষ্টা। 

৩। এনে এটা মন, যি বাহিৰৰ কোনাে নঞর্থক আৰু হতাশাজনক চিন্তাৰে আচ্ছন্ন নহ'ব; বন্ধু-বান্ধব বা আত্মীয়-স্বজনৰ প্রভাবৰ পৰাও মুক্ত থাকিব।

৪। কিছু বন্ধুত্বপূর্ণ সহযােগী, যিসকলৰ পৰা পােৱা যাব সুপৰামৰ্শ আৰু সহযােগিতা।


এই চাৰিটানীতি জীৱনৰ সকলাে ক্ষেত্রতে অৱশ্যে প্রয়ােজনীয়,এইবােৰ এনে পদক্ষেপ, যাৰ সহায়ত কোনাে ব্যক্তি নিজৰ অর্থনৈতিক ভৱিষ্যতক নিয়ন্ত্রণ কৰিব পাৰে।

এই নীতি আৰু পদক্ষেপে মানুহক স্বাধীনতা আৰু মুক্তিৰ জগতলৈ লৈ যায়। এই নীতিয়েই মানুহক খ্যাতি আৰু জাগতিক সন্মানৰ মঞ্চলৈ টানি লৈ যায়। এই নীতি চাৰিটাই মানুহৰ আগত নানা সুযােগ’ আনি দিয়ে।

এই নীতিয়েই সপােনক বাস্তবায়িত কৰে।

ইহঁতেই ভয়, হতাশা আৰু অমনােযােগক জয় কৰাত সহায় কৰে। যিসকল মানুহে এই চাৰিটা নীতিক কৰায়ত্ব কৰিব পাৰে, তেওঁলােক জীৱনত বিপুলভাৱে পুৰস্কৃত হয়। এই নীতিৰ বলেৰেই মানুহে নিজৰ সময় আৰু শ্ৰমৰ মূল্য নির্ধাৰণ কৰিব পাৰে।

     অসুবিধাক জয় কৰাৰ উপায়


ৰহস্যময় কোনাে ক্ষমতাৰে একাগ্রতাৰ অধিকাৰী মানুহে অসুবিধা আৰু বাধাক জয় কৰিব পাৰে নে? যদি পাৰে, তেনেহ'লে সেই ক্ষমতাৰ উৎস নাে কি? সি বাৰু কিবা অলৌকিক শক্তিৰ প্ৰভাৱ, নে আমাৰ সাধাৰণ বুদ্ধিবৃত্তিৰ ফলতেই তাৰ সৃষ্টি হয়?

      ঠিক এনে ধৰণৰ প্ৰশ্নই মােৰ মনত জাগি উঠিছিল, যেতিয়া মই হেৰি ফোর্ড দৰে বিৰাট মানৰ মানুহক পৰীক্ষা কৰি দেখিছিলাে যে তেওঁৰ মাজত একাগ্রতাৰ বাহিৰে আন একোৱেই নাছিল। এই একাগ্ৰতাৰ সহায়তেই তেওঁ বিশাল এক শিল্প সাম্রাজ্য গঢ়ি তুলিছিল। মানৱ ইতিহাসত হেনৰি ফোর্ডৰ একাগ্রতা আৰু সাফল্যৰ কোনাে সমতুল্য ঘটনা পাবলৈ নাই -একমাত্র টমাছ আলভা এডিছনক বাদ দি। টমাছ এডিছনৰ স্কুলীয়া শিক্ষা আছিল মাত্র তিনি মাহৰ। এজন 'গাধ আৰু অবাধ্য ছাত্র হিচাপে তেওঁক স্কুলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কিন্তু সেই টমাছ এডিছনেই পৰৱৰ্তী জীৱনত বিশ্বত অন্যতম প্রধান আৱিষ্কাৰক আৰু বিজ্ঞানীত পৰিণত হয়।তেওঁৰ এই বিৰাট সাফল্যৰ মূলতে আছিল তেওঁৰ অকল্পনীয় একাগ্রতা। তেওঁ সেই একাগ্ৰতাৰ বলতেই এদিন “আৱিষ্কাৰ কৰি উলিয়াইছিল গ্রামােফোন যন্ত্র, চলচ্চিত্ৰৰ মেচিন, বৈদ্যুতিক বালু, লগতে অন্যান্য আৰু ছয় শতাধিক বৈজ্ঞানিক যন্ত্রপাতি।

     আমি যেতিয়া পৃথিৱীৰ শ্ৰেষ্ঠ বিজ্ঞানী, আৱিষ্কাৰক, ধর্মীয় নেতাসকলৰ জীৱন কাহিনী বিশ্লেষণ কৰো, তেতিয়াই আমি আৱিষ্কাৰ কৰিবলৈ সক্ষম হওঁ যে, সেইসকল মহান ব্যক্তি সফল হ'ব পাৰিছিল মাত্র এটা কাৰণতেই, আৰু সি হ'ল নির্ভেজাল একাগ্রতা।

( The Science of Personal Achievement- অৰ নিৰ্বাচিত অংশৰ মুকলি অনুবাদ)

     

              মুল 

নেপোলিয়ন হিল (Napoleon Hill)

Comments

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

আত্মসম্মান বা আত্মমর্যাদা

ভগবানৰ অস্তিত্ব অস্বীকাৰ

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।