জীৱনত সুখী হোৱাৰ উপায়

      মানুহৰ জীৱনলৈ দুখ-কষ্ট এবাৰ নহয় এবাৰ আহিবই। এই দুখ-কষ্ট বিভিন্নধৰণৰ হ'ব পাৰে। যেনে:- মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক। গতিকে জীৱনত সুখী হোৱাৰ উপায় কেইটামান তলত দিয়া হ'ল-

১/ গভীৰতকৈ গভীৰ দুখ-কষ্টৰ মাজতো নিজক সুখ অনুভৱ কৰিবলৈ শিকক আৰু সদায়ে হাঁহি থাকক। এটা হাঁহিৰ অবিহনে এটা দিন ব্যৰ্থ।

 ২/ আপুনি কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব। এনে কৰিলে আপুনি সদায় নিজকে দুখী অনুভৱ কৰিব।

৩/ সদায় বৰ্তমানত জীয়াই থাকিবলৈ শিকক। অতীত যি হৈ গ'ল সেইটো কেতিয়াও ভাল হৈ নাযায়। কিন্তু অতীত কৰা ভুলৰ পৰা আমি শিক্ষা ল'ব লাগে। যাতে এনে ভুল পুনৰাই নহয়। অধিক ভৱিষ্যৎৰ কথা ভাবিয়ো নিজৰ বৰ্তমানক ধ্বংস নকৰিব। কাৰণ ভবিষ্যতে কি হ'ব সঠিক কোনেও নাজানে। আপোনাৰ বৰ্তমানৰ কৰ্ম স্থিতিয়েহে আপোনাৰ ভবিষ্যৎ নিৰ্ণয় কৰিব।

৪/ স্বাস্থ্যই আমাৰ ডাঙৰ সম্পদ। এটা নিৰোগী সুস্বাস্থ্যই আমাক সদায় সতেজ আৰু সুখী কৰি ৰাখিব।

৫/ জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়ক। আমি জীৱনত প্ৰত্যাহ্বান নাশ কৰিব পাৰিলেহে সুখী হ'ব পাৰিম। 

Comments

Popular posts from this blog

সুখী কেনেকৈ হ'ব পাৰি

আত্মসম্মান বা আত্মমর্যাদা

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

সঠিক চিন্তা সঠিক সিদ্ধান্তৰ মূল

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।