সঠিক চিন্তা সঠিক সিদ্ধান্তৰ মূল

         এবাৰ মই ব্যর্থতাৰ গ্লানি কট়িয়াই লৈ ফুৰা প্রায় পঁচিশ হেজাৰ মানুহৰ বিশ্লেষণ কৰিছিলাে। নানা বিশ্লেষণ কৰি মই তেওঁলােৰ পৰা জানিছিলাে যে, তেওঁলােকৰ এই ব্যর্থতাৰ প্রধান কাৰণ আছিল সঠিক কোনাে সিদ্ধান্ত লব নােৱৰাটো। শতকৰা ৩১ জন মানুহেই এই গ্লানিৰ চিকাৰ হয়। 

         দীর্ঘসূত্রিতা হ'ল সঠিক সিদ্ধান্তৰ ডাঙৰ শত্রু। এই দীর্ঘসূত্রিতা মানৱ জাতিৰ এটা ডাঙৰ ৰােগ। এই ৰোগত কম-বেছি পৰিমাণে সকলাে মানুহেই চিকাৰ হয়।

      আপুনি এই কিতাপখন পঢ়াৰ পিছতেই অত্যন্ত দ্রুত আৰু নিশ্চিন্ত সিদ্ধান্ত গ্রহণত পাৰদৰ্শিতা অর্জনত সক্ষম হ'ব। ইয়াৰ মাজেদিয়েই আপােনাৰ ক্ষমতাৰ পৰীক্ষা লােৱা হ'ব। সেই পৰীক্ষাত উত্তীর্ণ হ'লে আপুনি যিকোনাে বিষয়তে নিজকে খাপ খুৱাই লৈ জীৱিকা অৰ্জন কৰিব পাৰিব।

      বহু শ শ মানুহৰ জীৱন বিশ্লেষণ কৰি দেখা গৈছে যে, তেওঁলােকে বিপুল সম্পদৰ অধিকাৰী হ'ব পাৰিছে কেৱল এটা কাৰণতেই-সি হ'ল তেওঁলােকে চকু বন্ধ কৰি যিকোনাে সমস্যাৰ তাৎক্ষণিক সমাধান কৰি সিদ্ধান্ত ল'ব পাৰিছিল। যিসকল মানুহ কোনাে মতেই ধনী হব নােৱাৰে, তেঁলােকৰ একমাত্র ক্রুটি হ'ল তেওঁলােকে কেতিয়াও দ্রুত কোনাে সিন্ধান্ত গ্রহণ কৰিব নােৱাৰে।

       হেনৰি ফোর্ডৰ অন্যতম শ্রেষ্ঠ গুণ আছিল তেওঁৰ দ্রুত নির্ভুল সিদ্ধান্ত গ্রহণ ক্ষেত্রত পাৰদর্শিতা। তেওঁৰ এই গুণটো ইমান বেছি সবল আছিল যে, মানুহে তেওঁক অঁকৰা বুলি কৈছিল। এই শুণৰ বাবেই মিঃ ফোর্ডে তেওঁৰ বিখ্যাত ‘টি মডেলব মটৰগাড়ী উৎপাদনৰ ক্ষেত্রত অনুপ্রাণিত হৈছিল। (এইখন আছিল পৃথিৱীৰ আটাইতকৈ কদয্য মডেলৰ গাড়ী) তেওঁৰ বন্ধু-বান্ধৱ আৰু তেওঁৰ ঘনিষ্ঠ ক্রেতাসকলে সেই গাড়ী নির্মাণৰ কাম বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু সেই গাড়ীয়েই মিঃ ফোর্ডক বিপুল পৰিমাণৰ সম্পদৰ মালিক হৈ উঠাত সহায় কৰিছিল।

      মিঃ ফোর্ডৰ চৰিত্ৰত কোনাে ধৰণৰ দীর্ঘসুত্রিতা নাছিল। সেয়ে কোনাে সিদ্ধান্ত গ্রহণত তেওঁ কোনাে ধৰণৰ হেমাহি কৰা নাছিল। তেওঁ তেওঁৰ জীৱনৰ সকলাে ধৰণৰ সিদ্ধান্ত মুহূর্তৰ ভিতৰতে গ্ৰহণ কৰিব পাৰিছিল।

     সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত আপােনালৈ কিছু পৰামর্শ


     বেছিভাগ মানুহেই—যিসকলে নিজৰ প্ৰয়ােজন অনুযায়ী অর্থ সংগ্ৰহত ব্যর্থ হয়, তেওঁলােকে সাধাৰণভাৱে আনৰ পৰামৰ্শৰ দ্বাৰা বহু ক্ষেত্ৰতে প্রভাৱিত হয়। তেওঁলােকে বাতৰি কাকত বা গুজব ৰটোৱা প্রতিৱেশীসকলকো তেওঁলােকৰ হৈ চিন্তা কৰিবলৈ দিয়ে।

    মতামতেই হল এই পৃথিৱীত আটাইতকৈ সস্তীয়া আৰু সহজলভ্য বস্তু। চাব প্রায় প্রত্যেক মানুহৰেই আনক অযাচিতভাৱে উপদেশ দি ফুৰাৰ এটা অদ্ভুত মানসিকতা আছে। আপুনি যদি এনে ধৰণৰ পৰামর্শৰ দ্বাৰা প্রভাৱিত হৈ পৰে, তেনেহ'লে আপুনি কোনাে কামতে সফল হ'ব নােৱাৰিব। ফলত কোনাে মতেই প্রচুৰ অর্থ আপােনাৰ কৰায়ন্ত নহয়।

     আপুনি যদি আনৰ মতামতৰ দ্বাৰা পৰিচালিত হয়, তেনেহলে আপোনাৰ নিজস্ব মত বুলি আৰু একোকে নাথাকিব। এইখিনিতে সেয়ে আপােনাক এটা পৰামর্শ দিব বিচাৰিছোঁ। আৰু হ'ল যিকোনাে কামতে আপােনাৰ নিজৰ মতকে আঁকুহি ধৰি আগুৱাই যাওক।

    এইখন কিতাপত যিবােৰ নীতিৰ কথা কোৱা হৈছে, সেইবােৰ অনুসৰণ কৰক। কাকো আপােনাৰ বিশ্বাসৰ অংশীদাৰ কৰিবলৈ প্রস্তুত নহ'ব। এই ক্ষেত্রত আপােনাৰ বিশেষজ্ঞ মনক আপােনাৰ চিন্তা আৰু জীৱন ৰথৰ সাৰথি কৰি আগুৱাই যাওক। এনে কৰিব পাৰিলেই আপুনি পাব সম্পূর্ণ সাফল্য আৰু মানসিক শান্তি। আপােনাৰ উদ্দেশ্যও পৰিপূৰ্ণভাৱে সফল হৈ উঠিব।

     বহু ক্ষেত্ৰতেই দেখা যায় বহুতে ভালদৰে একো নজনাকৈয়ে আনক পৰামৰ্শ দিবলৈ যায়। ফলত তেওলােক হাঁহিয়াতৰ পাত্র হয়। সেয়ে পৃথিৱীত বহু মানুহেই হীনমন্যতাৰ চিকাৰ হ'ব লগা হয়। তাৰ ফলত তেওঁলােকৰ নিজস্ব আত্মবিশ্বাস নষ্ট হয়।

      আপােনাৰ নিজস্ব মগজু আৰু এটা সজীব মন আছে। এই দুটাক কামত লগাই আপুনি নিজেই আপােনাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত গ্রহণ কৰক। ইয়াত আপুনি নিজেই আপােনাৰ মন আৰু মগজুৰ প্রভু হােৱাৰ চেষ্টা কৰক। বহু সময়ত নানা সমস্যাৰ মােকাবিলা কৰাৰ ক্ষেত্ৰত আপােনাৰ হয়তাে নানা বাক্তিৰ মতামত বা পৰামর্শ লােৱাৰ প্রয়ােজন হ'ব পাৰে। সেইবােৰ ক্ষেত্রত আনৰপৰামর্শ লওক, কিন্তু কামত লগাব নিজৰ মতামতক। এইটোৱেই হল আটাইতকৈ বুদ্ধিমানৰ কাম।

     মানুহৰ চৰিত্ৰ-বৈশিষ্ট্য হ'ল সকলাে ক্ষেত্রতে, সকলােকে জ্ঞানগর্ভ পৰামর্শ দিবলৈ যােৱাটো। তেওঁলােকে এনে ভাব দেখুৱায় যে, তেওঁলােক যেন সেই বিশেষ বিষয়ত বিশেষজ্ঞ ব্যক্তি।

      এনেধৰণৰ মানুহ বেছিভাগ ক্ষেতে অত্যন্ত কথকী হয়। আৰু কাৰো কোনাে কথাই তেওঁলােকে শুনিব নিবিচাৰে। আপোনাৰ চকু আৰু কাণ সকলাে সময়তে খোলা ৰাখক, কিন্তু মুখ বন্ধ কৰি ৰাখিব।জীৱনত দ্ৰুত আৰু সঠিক সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰত এইটো অত্যন্ত গুৰুত্বপূর্ণ কথা! যিসকলে বেছি কথা কয়, তেওঁলােকে বেছি কাম কৰিব নােৱাৰে বা কৰিবলৈ ব্যর্থ হয়। আপুনি যদি শুনাৰ সলনি বেছি, কথা কয়, তেনেহ'লে আপুনি যে মাথােন নানা ধৰণৰ জ্ঞান অর্জনৰ ক্ষেত্ৰত ব্যর্থ হ'ব, সেয়ে নহয়, আপুনি আপােনাৰ সকলো পৰিকল্পনাও সকলােৰে ওচৰত ব্যক্ত কৰি পেলাব। ফলত আপােনাৰ
প্রতিদ্বন্দীসকলে আপােনাক পৰাস্ত কৰি অপাৰ
আনন্দ উপভােগ কৰাৰ সুযোগ পাব। এইখিনিতে আৰু এটা কথা মনত ৰাখিব। যেতিয়া কাৰোবাৰ আগত মুখ খুলিব, তেওঁ যদি জনী ব্যক্তি হয়, তেনেহলে আপানাৰ নাে কিমানখিনি বিদ্যা-বুদ্ধি আছে, সেইটো ওলাই পৰিব।
  সঁচা অৰ্থত বুদ্ধিমান ব্যক্তিয়ে বিনয় আৰু নীৰৱতা প্রকাশ কৰাটোকে শ্রেয় বুলি বিবেচনা কৰে।
   এই কথা সকলাে সময়তে মনত ৰাখিব যে, সকলাে মানুহেই অর্থ আহৰণৰ সুযােগ বিচাৰি ফুৰে। আপুনি যদি আপােনাৰ পৰিকল্পনাৰ কথা কথকী স্বভাৱৰ বাবে আনৰ আগত ব্যক্ত কৰি পেলায়, তেনেহ'লে দেখিবলৈ পাব আপােনাৰ পৰিকল্পনাক কামত লগাই তেওঁ আপােনাকে চেৰাই গৈছে।
      
        সেয়ে আপােনাৰ প্রথম সিদ্ধান্ত হ'ব চকু-কাণ খােলা ৰাখি মুখ বন্ধ ৰখা। তাৰ বাবে এটা কথা মনত ৰখাটো অত্যন্ত দুৰত্বপূর্ণ। সেইটো হ'ল পৃথিৱীক আপুনি আপােনাৰ পৰিকল্পনাৰ বিষয়ে কথাৰে নহয়, কামৰ মাজেদি জনাব লাগিব।

   এটা প্রাচীন চীনা প্রবচনত কোবা হৈছে। “কথাত নহয়, কামতহে মানুহৰ প্রকৃত পৰিচয়।”

এটা সিদ্ধান্তই আপােনাৰ কল্যাণাে কৰিব পাৰে, ক্ষতিও কৰিব পাৰে

       যিকোনাে সিদ্ধান্তৰ মূল্য নির্ভৰ কৰে সেই সিদ্ধান্ত কার্যকৰ কৰিবৰ বাবে যি সাহসৰ প্রয়ােজন তাৰ ওপৰত। সভ্যতাব বুনিয়াদ গঢ়িবৰ বাবে যিবােৰ সিদ্ধান্ত লােৱা হৈছিল, তাৰ বাবে প্রয়ােজন হৈছিল বিৰাট মানৰ প্রত্যাহান গ্রহণৰ ক্ষমতা। সেই সিদ্ধান্তবোৰৰ প্রতিটোবে স'তে জড়িত আছিল মৃত্যুৰ সম্ভাৱনা।।

       লিংকনে ক'লা মানুহক ক্রীতদাসত্বৰ পৰা মুক্তিদানৰ বাবে যি ঘােষণা কৰিছিল, তেওঁ জানিছিল যে, সেই ঘােষণাই দেশৰ লাখ লাখ মানুহক তেওঁৰ বিৰোধী কৰি তুলিব, আনকি তেওঁৰ বহুতাে ঘনিষ্ঠ বন্ধুকে তেওঁৰ পৰা আঁতৰাই নিব।

      ছক্ৰেটিছে তেওঁৰ মতামত পৰিৱৰ্তন কৰাতকৈ বিষ পান কৰাকে শ্রেয় বুলি গণ্য কৰি মহৎ সিদ্ধান্ত গ্রহণ কৰিছিল। তাৰ বাবে তেওঁ জীৱন দানেৰে মূল্য পৰিশােধ কৰিব লগা হৈছিল। 
       জেনেৰেল লীয়ে যেতিয়া ইউনিয়নৰ স'তে সকলাে সম্পর্ক ছেদ কৰি দক্ষিণ বিদ্রোহীসকলৰ স'তে যােগদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল, সি আছিল অত্যন্ত কঠিন আৰু সাহসী সিদ্ধান্ত। তেওঁ জানিছিল, ইয়াৰ বাবে তেওঁৰ মৃত্যুও হ'ব পাৰে।

যি ছাপ্পন্নজনে ফাচিৰ সম্ভাৱনকো আওকাণ কৰিছিল


      সমগ্র বিশ্বৰ ভিতৰতে ডাঙৰ সিদ্ধান্ত আমেৰিকাত গৃহীত হয় ১৭৭৬ চনৰ ৪ জুলাইৰ দিনা ফিলাডেলফিয়াত, যেতিয়া ছাপ্পন্ন জন মানুহে আমেৰিকাৰ প্রতিগৰাকী মানুহৰ বাবে স্বাধীনতা চনদ দাবী কৰি এক সিদ্ধান্ত গ্রহণ কৰে। তেওঁলােকে জানিছিল যে, ইয়াৰ ফলত হয় স্বাধীনতা অর্জিত হ'ব, অথবা তেওঁলােকব ফাঁচি হ'ব।

       আপােনালােকৰ বহুতেই হয়তাে সেই স্বাধীনতা চনদৰ বক্তব্য পাঠ কৰিছে। কিন্তু তাৰ মাজত যি শিক্ষা লুকাই আছে তাক হয়তাে লক্ষ্য কৰা নাই। সেই ঐতিহাসিক দলিলৰ বিষয়ে আমি সকলােৱে শুনিছে। কিন্তু আমাৰ কল্পনা কৰাও শক্তি নাই, তাৰ বাবে নাে কি পৰিমাণৰ সাহসৰ প্ৰয়ােজন হৈছিল।

       আমি নানা তাৰিখৰ কথা জানাে। জানাে বিশ্বৰ বহু ডাঙৰ ডাঙৰ বীৰ-মহাবীবৰ কথা। আমি ভেলি ফোর্চ, ইয়র্ক টাউন, জর্জ ৱাশ্বিংটন আৰু লর্ড কৰ্নৱালিছৰ কথাও জানাে। কিন্তু তাৰ মাজৰে বহু কথাই আমি নাজানাে। আমি নাজানাে তেওঁলাে দুর্জয় সাহসৰ কথা। আমি নাজানাে যে, এখন দেশ স্বাধীন হােৱাৰ আঁৰত এচাম মানুহৰ অসীম সাহস সক্রিয় থাকে।

        ইতিহাসৰ এইটো এটা ডাঙৰ ট্ৰেজেডি যে, এই বিৰাট কর্মকাণ্ডৰ আঁৰত সিদিনাখন কিমানখিনি দুর্জয় সাহসিকতাই কাম কৰিছিল, সেই কথা সিদিনাখন ক’তাে লিখি ৰখা হােৱা নাছিল।

    ইতিহাসৰ কেইখিলামান পাত এইবাৰ লুটিয়াই চোৱা যাওক।
        এই কাহিনীৰ আৰম্ভ ১৭৭০ চনৰ ৫ মার্চৰ দিনা, বােস্তন চহৰত। বৃটিছ সৈন্য- বাহিনী চহৰৰ বাটে বাটে সদর্পে মার্চ কৰি গৈ আছিল। চহৰবাসীয়ে বিদেশীৰ এই দর্প সহ্য কৰিব পৰা নাছিল। তেওঁলােকে তাৰ তীব্ৰ প্রতিবাদ কৰিছিল। কিন্তু বৃটিছ সৈনা-বাহিনীয়ে তাক দমন কৰিবৰ বাবে বেয়'লেট দাঙি আক্রমণ কৰে।এনেদৰেই এই অঘােষিত যুদ্ধৰ সূত্রপাত ঘটে।
     
      চহৰবাসীসকলে তীব্রভাষাবে দাবী জনাইছিল : এই চহৰৰ পৰা বৃটিছবাহিনী অপসাৰণ কৰিব লাগিব। সেই বিদ্রোহী চহৰবাসীক নেতৃত্ব দিছিল জন হেনকফ আৰু ছেমুৱেল এডামছ।

      মনত ৰাখিব, এই দুজন মানুহেই আছিল আটাইতকৈ বেছি সৰব। তেওঁলােকে জীৱনৰ দুর্ঘোৰ বিপদকো আওকাণ কৰি এই ঘােষণাৰ বক্তব্য প্রস্তুত কৰিছিল।

       নিশ্চিতভাৱে সি আছিল একপ্রাণ-সংশেয়কাৰী পদক্ষেপ। ইয়াৰ অর্থ আছিল ইংলেণ্ডৰ শাসনৰ বিৰুদ্ধে আমেৰিক উপনিৱেশৰ সমস্ত অধিবাসীৰ স্বাধীনতাৰ দাবী। 
         ইংৰাজ চৰকাৰো বহি থকা নাছিল। তেওঁলােকে ছেমুৱেল এডামক নানা প্রলােভৰ সহায়ত জয় কৰাৰ প্রচেষ্টা চলায়। কিন্তু ইতিহাস সাক্ষী, তেওঁলােকৰ সেই প্রচেষ্টা সফল হােৱা নাছিল।

        এইখিনিতে আন এজনৰ নাম বিশেষভাৱে উল্লেখ্য। তেওঁ হ'ল ৰিচার্ড হেনৰি লী।এডামছৰ স'তে তেওঁৰ নানা বিষয়ত আলােচনা হৈছিল। এই আলাপ-আলােচনাই তেওঁলােকক "বিশেষজ্ঞ মন'ৰ অধিকাৰী কৰি তুলিছিল। 
      
          এনেদৰেই অৱশেষত নানা বিৰোধীতা, সপক্ষে-বিপক্ষে নানা বাক-বিতণ্ডাৰ পিছত ৪ জুলাইৰ দিনা গৃহীত হয় আমেৰিকাৰ স্বাধীনতাৰ দাবী।

        তাৰ পিছৰ ঘটনাৱলী ইতিহাসত পৰিণত হৈছে। ইংৰাজ বাহিনী ঔপনিৱেশিক আমেৰিকানসকলৰ হাতত পৰাস্ত হােৱাৰ পিছত জন্ম হ'ল স্বাধীন আমেৰিকা যুক্তৰাষ্ট- অৱশ্যে এক ৰক্তক্ষয়ী যুঁজৰ পিছত।

       সেয়ে এই কথা স্মৰণত ৰাখিব লাগিব যে, এখন হলঘৰত ছাপ্লন্নজন ঔপনিৱেশিক একত্রিত হৈ গ্রহণ কৰে সেই দাবী-চনদ। হলঘবৰ দুৱাৰ বন্ধ কৰি এডামছে জনাইছিল :

“কোনাে ধৰণৰ আপােচ কৰি নচলিব। স্বাধীনতা দাবীৰ পৰা আমি একোতেই আঁতৰি নাহোঁ।......"

         কোন শক্তিৰে নাে তেওঁলােকে এনে সিদ্ধান্ত গ্রহণ কৰিব পাৰিছিল? তেওঁলােকৰ সেই শক্তিৰ উৎস আছিল তেওঁলােকৰ বিশেষজ্ঞ মন। তেওঁলােকৰ বিশেষজ্ঞ মনেই তেওঁলােকক উদ্দুদ্ধ কৰিছিল এখন স্বাধীন ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ, যিখন ৰাষ্ট্ৰ ভবিষ্যতে এদিনাখন বিশাল গণতান্ত্রিক ৰাষ্ট্ৰত পৰিণত হ'ব।

     নিজৰ চাহিদা আগতে স্থিৰ কৰি লওক


      এই দৰ্শনৰ আদ্যোপান্ত এই পৰামৰ্শৰে পৰিপূর্ণ যে, তীব্র আকাংক্ষাৰ হেঁচাত পৰি আমাৰ চিন্তাধাৰা এনে এক দিশত ব'বলৈ আৰম্ভ হয়, এদিন নহয় এদিন সি বাস্তৱত ৰূপায়িত হ'বলৈ বাধ্য হয়।

       এই উপায়ৰ ৰহস্য বিচাৰিবলৈ গৈ কেতিয়াও কোনাে অলৌকিক ঘটনা ঘটাটো কামনা নকৰিব। কাৰণ, তেনে কৰিলে আপুনি কেতিয়াও তাক বিচাৰি নাপায়। এই নীতি তেওঁৰ বাবেই ৰূপায়ণ কৰাটো সম্ভৱ, যাৰ মনত বিশ্বাস আৰু সাহস আছে। এই নীতিয়ে এটা ৰাষ্ট্ৰৰ বাৰে যেনেদৰে স্বাধীনতা আনিব পাবে, তেনেদৰে পাৰে এজন মানুহক বিপুল অর্থৰ অধিকাৰী কৰিবলৈ। সিসকল মানুহে খুব দ্রুত আৰু নির্দিষ্টভাৱে সিদ্ধান্ত গ্রহণ কৰিব পাৰে,তেওঁলােকে যিহকে আশা কৰে, তিহকে পাব পাৰে।

        জীৱনৰ সকলাে ক্ষেত্রতে যােগ্য নেতাসকলে দ্রুত চিন্তা কৰি সিদ্ধান্ত লব পাৰে। আৰু সেই কাৰণে তেওঁলােকে নেতৃত্ব পাবলৈ সক্ষম হয়। এই পৃথিবীয়ে তেওঁলােককে ঠাই দিয়ে, যিসকলৰ কথা আৰু কামত প্রকাশপায়।তেওঁলােকে নাে আচলতে ক'লৈ গৈ আছে। 
       ইতস্ততঃ কৰাৰ কথাটো প্রধানতঃ যৌৱনকালতে দেখা দিয়ে। স্কুল-কলেজত পঢ়াৰ সময়ৰ পৰাই এইটো হােৱাটো সম্ভৱ। এই অবস্থা আৰু অধিক প্রকট হয় এজন শিক্ষার্থী ছাত্র-জীৱনৰ শেষত যেতিয়া কর্মক্ষেত্রত প্রৱেশ কৰিবলৈ যায়। তেনে সময়ত এজন চাকৰি-সন্ধানীয়ে তেওঁৰ বাবে নাে কোনটো চাকৰি যােগ্য সেই সিদ্ধান্ত ল'ব নােৱাৰি, যি পায় তাতে সোমায়গৈ। শতকবা ১৮ ভাগ কর্মজীৱী মানুহেই নির্দিষ্ট লক্ষ্যহীন অৱস্থাত জীৱন-যাপন কৰে।

         তদুপৰি যােগ্য নেতা বাছি লােৱাৰ ক্ষমতাও সেইচাম ডেকা-গাভকৰ নাথাকে। নিশ্চিত আৰু প্রকৃত কর্মজীৱন বাছি লােৱাৰ বাবে দৰকাৰ হয় সাহসৰ। কেতিয়াবা আকৌ অতিমাত্রা সাহস।

       অৱশ্যে এইটোও ঠিক যে, ছক্ৰেটিছ বা যীশু খ্ৰীষ্টই বা আমেৰিকাৰ স্বাধীনতা দাবী কৰা সেই ছাপ্পন্নজন মানুহে যি অসীম সাহস দেখুৱাইছিল, নিজস্ব জীবিকা নির্বাচনৰ বেলিকা সেই পৰিমাণৰ সাহস দেখুৱাৰ প্ৰয়ােজন নহয়।

 সঠিক সিদ্ধান্তৰে জীৱন সাফল্যমণ্ডিত কৰি তুলিবলৈ তলৰ কথাবােৰ মন কৰক


১।নানা গবেষণাৰ পৰা দেখা গৈছে,আমাৰ বহুতেই জীৱনত ব্যর্থ-হয়, সঠিক সিদ্ধান্ত গ্রহণ কৰিব নােৱাৰাৰ বাবে। 

২। আমাৰ সমাজত ৩১ শতাংশ মানুহেই সঠিক সিদ্ধান্ত গ্রহণ কৰিব নােৱাৰাৰ সমস্যাত ভােগে।

৩। দীর্ঘসূত্রিতা সঠিক সিদ্ধান্ত গ্রহণৰ ডাঙৰ শত্রু।

৪। যিকোনাে সমস্যাৰে তাৎক্ষণিক সমাধানৰ বাবে সঠিক সিদ্ধান্ত গ্রহণৰ ক্ষমতা অর্জন কৰাৰ চেষ্টা কৰক।

৫। হেনৰি ফোর্ডৰ এটা ডাঙৰ গুণ আছিল এয়ে যে, তেওঁ দ্রুত নির্ভুল সিদ্ধান্ত ল'ব পাৰিছিল।

৬। নিজৰ মগজু খটাই কাম কৰিব, আনৰ দিহা-পৰামৰ্শক অতি বেছি গুৰুত্ব নিদিব।

৭। কাৰাে অযাচিত উপদেশত গুৰুত্ব নিদিব। নিজৰ মতামতক যথাযথ সম্মান প্রদর্শন কৰিব।

৮। যিকোনাে কামতে আপােনাৰ নিজৰ মতকে অগ্রাধিকাৰ দিব।

 ৯। যিকোনাে মানুহক আপােনাৰ বিশ্বাসৰ অংশীদাৰ কৰি নল'ব।

১০। 'বিশেষজ্ঞ মন'ক আপােনাৰ চিন্তা আৰু জীৱন ৰথৰ সাৰথি কৰি আগুৱাই যাওক।

১১। আপুনি নিজেই আপােনাৰ মন আৰু মগজুৰ প্রভু হৈ জীৱনৰ প্ৰতিটো সিদ্ধান্ত গ্রহণ কৰক।

১২। বিভিন্ন প্রয়ােজনত নানা ব্যক্তিৰ পৰামৰ্শ লওক, কিন্তু কামত লগাব নিজৰ মতামতহে। 

১৩। বুদ্ধিমান ব্যক্তিয়ে বিনয় আৰু নীৰৱতা প্রকাশ কৰাটোকে শ্রেয় বুলি বিবেচনা কৰে।

১৪। সভ্যতাৰ বুনিয়াদ গঢ়িবলৈ যিবােৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল, সেইবােৰ আছিল অত্যন্ত কঠিন আৰু সাহসী।

      *           *            *             *            *            *

( The Science of Personal Achievement- অৰ নিৰ্বাচিত অংশৰ মুকলি অনুবাদ)

     

              মুল 

 নেপোলিয়ন হিল (Napoleon Hill)

Comments

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

আত্মসম্মান বা আত্মমর্যাদা

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।