আত্মসম্মান বা আত্মমর্যাদা

      আত্মসম্মান বা আত্মমর্যাদা শব্দৰ প্রকৃত অর্থ নাে কি? ই আন একোৱেই নহয়,নিজৰ সম্পর্কে মানুহৰ নিজা বিশ্বাস। নিজৰ সম্পর্কে আপােনাৰ ধাৰণা নাে কি? 

    আপুনি বাৰু নিজকে সম্মান কৰেনে? শ্রদ্ধা কৰেনে? নিজৰ বিষয়ে উচ্চ ধাৰণা পােষণ কৰেনে?

    কোনাে মানুহৰ নিজৰ সম্পর্কে যদি উচ্চ ধাৰণা নাথাকে অথবা নিজৰ প্রতি তেওঁৰ কোনাে শ্রদ্ধাৰ ভাব নাথাকে, তেনেহ'লে ধৰি ল'ব লাগিব যে, তেওঁৰ আত্মসম্মানবােধ অত্যন্ত দুর্বল।

      জীৱনৰ বিভিন্ন ক্ষেত্রত আপুনি নিজৰ সম্পর্কে ভিন ভিন ধাৰণা পােষণ কৰাটো একো অস্বাভাবিক কথা নহয়। কোনােবা ক্ষেত্রত আপুনি হয়তাে নিজকে খুব বেছি যােগ্য বুলি ভাবিব পাবে, আকৌ আন কোনােবা ক্ষেত্রত আপােনাৰ নিজৰ যােগ্যতা সম্পর্কে সংশয় দেখা দিব পাৰে।

         মানুহৰ জীৱনৰ এইটো এটা ডাঙৰ দুর্ভাগ্য যে, এই শেষৰ পৰিস্থিতিটোৱেই অর্থাৎ নিজৰ যােগ্যতা সম্পর্কে সংশয় প্রকাশ কৰাটোৱেই প্রভাৱশালী হৈ উঠে। সেয়ে এই দুর্বলতাক জয় কৰাৰ বাবে আমাৰ নাে কি কৰণীয়, সেই বিষয়ে চিন্তা- চর্ম কৰিব লাগিব। প্রথমতে আপুনি এটি কথা ভালদৰে বুজি ল'ব লাগিব। সেইটো হ'ল আত্মসন্মান বা আত্মমর্যাদাবােধ। অর্থাৎ নিজৰ সম্পর্কে ইতিবাচক ধাৰণা। নিজৰ যােগ্যতা স্বীকৃতি প্রদান। নিজৰ প্ৰতি তেনে এটা ধাৰণা পােষণ কৰিব পাৰিলেহে আপুনি জীৱনত প্রতিষ্ঠা লাভ কৰিব পাৰিব।

        সীমিত মাত্ৰাত আত্ম-প্রশংসা এটা ধনাত্মক কাম। তাক যদি মাত্রাৰ ভিতৰতে ৰাখি কৰিব পৰা যায়, তেনে ব্যক্তিৰ কর্মদক্ষতা বৃদ্ধি পায়। মানুহ কর্মোদ্যমী হৈ উঠে। সেয়ে আপুনি নিজৰ যােগ্যতা বৃদ্ধিৰ বাবে সীমিত মাত্রাত নিজকে নিজৰ নানা কামৰ বাবে প্রশংসা কৰিব।

       আমাৰ জীৱনৰ এইটো এটা স্বাভাবিক ঘটনা যে, আমি মাজে মাজে আমাৰ নিজৰ যােগ্যতা সম্পর্কে অনাস্থা প্রকাশ কৰোঁ। এনে হােৱাৰ কাৰণ নাে কি?

       ইয়াৰ এটা কাৰণ এনেকুৱা হ'ব পাৰে যে, আপুনি নিজকে কৰিবলগীয়া কামটোৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰাৰ সলনি আন কোনােবা ডাঙৰ মানুহৰ স'তে নিজৰ যােগ্যতাৰ তুলনা কৰে। এইটো এটা মাৰাত্মক কথা। কাৰণ, স্বাভাৱিকভাৱেই সেই ৰিজনিত আপুনি নিজকে তেওঁতকৈ তল খাপত দেখিবলৈ পায়। তেনে আৱিষ্কাৰে আপােনাৰ মনত নেতিবাচক চিন্তাৰ প্রভাৱ পেলায়। ফলত আপুনি নিজকে পুতৌ কৰিবলৈ লয়। নিজব প্রতি আপােনাৰ মর্যাদাবােধ হ্রাস পায়। নিজৰ চকুতে আপােনাৰ স্খলন ঘটে। ই আপােনাৰ মনােবল ভাগি পেলায়।

    কিন্তু আমাৰ কথা, এই সমস্যাৰ পৰা মুক্তি লভাটো কোনাে টান কাম নহয়। অৱশ্যে তাৰ বাবে আপুনি এটা কথা মনত ৰাখিবই লাগিব যে প্রত্যেক মানুহৰেই নানা ধৰণৰ গুণাৱলী থাকে। সেয়ে এজন মানুহে নিজৰ মাজত থকা কিবা এটা গুণ আনৰ মাজত দেখিলে তাৰ বাবে তেওঁক হিংসা কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰ ফলত নিজে হীনমন্যতাত ভুগি মৰে।

      এইটো অত্যন্ত ক্ষতিকাৰক মানসিকতা। এনে ক্ষতিকাৰক মানসিকতা গঢ় লােৱাৰ কোনাে সুযােগ নিদিয়াটোৱেই হল বুদ্ধিমানৰ কাম।

     আপুনি কিয় পাহৰি যায় যে, সেই নির্দিষ্ট গুণাৱলীবিশিষ্ট মানুহজন আপোনাৰ দৰেই এজন সাধাৰণ মানুহ। আপুনি অলপমান বিশ্লেষণ কৰি চালেই দেখিবলৈ পাব যে, সেই মানুহজনৰ গাত থকা গুণটো আপােনাৰ মাজত নথকাৰ দৰে আন বহুতৰে মাজতে নাই। আনহাতে, মন কৰিব, সেই গুণ-বিশিষ্ট মানুহজনৰ গাত এনে বহু গুণ নাই, যিবােৰ আপােনাৰ নিজৰ গাত বা আন বহুতৰ গাত আছে।

      মুঠতে, আপুনি এই কথা সদায়ে মনত ৰাখিব যে, এই পৃথিৱীত কোনাে মানুহেই সর্বগুণাকৰ নহয়। প্রত্যেকৰে মাজতে কিবা নহয় কিবা ঘাটি আছে। সেইটো প্রকৃতিৰে নিয়ম। প্রকৃতিয়ে কাকো পৰিপূৰ্ণৰূপত সৃষ্টি নকৰে। সেই দিশৰ পৰা চাবলৈ গলে পৃথিৱীৰ প্রতিগবাকী মানুহেই সমান, অর্থাৎ সকলােবেই অসম্পূর্ণ খণ্ডিত।

       এতেকে দেখা গ'ল, মানুহ হিচাপে আপুনি সমগ্র মানৱ জাতিৰ সমকক্ষ। পৃথিৱীৰ কোনাে মানুহতকৈ আপুনি হীন নহয়। এই বিশ্ব চাৰচৰত আপুনি আন যিকোনাে মানুহৰ সমান ক্ষমতাবম্ত। সামাজিক মূল্য আপােনাৰো আনৰ সমতুল্য। আপুনি যে অখণ্ড মানৱ জাতিৰ এক অবিচ্ছেদ্য অঙ্গ সেই কথাটো সততে মনত ৰাখিব।

        এনেদৰেই নিজকে মানৱ জাতিৰ অঙ্গ হিচাপে ভাৱিবলৈ সক্ষম হ'লে আপুনি এই কথাও বুজিবলৈ সক্ষম হব যে, আন এজন মানুহে যি কবিব পাৰে, আপুনি তাক কৰিব নােৱাৰিবও পাৰেঃ আনহাতে, আপুনি কৰিব পৰা কামটো আন বহুতেই কৰিব নােৱাৰিবও পাবে। এনেধৰণৰ কিবা এটা বিশেষ কাম কৰিব পৰা বা নােৱৰাৰ দ্বাৰা কোনাে ব্যক্তি শ্রেষ্ঠতৰ বা নিকৃষ্টতৰ হৈ নাযায়। পার্থক্য মাথােন ইমানখিনিয়েই যে, কোনাে কোনাে ক্ষেত্ৰত ইজন সিজনতকৈ অলপ মান আগ বাঢ়ি থাকে।

      উদাহৰণ হিচাপে দুজোপা গছকে বাছি এই দুজোপা গছৰ মাজত ধৰক এজোপা পুৰণি ৰেড উড প্রজাতিৰ। এই বিশাল গছজোপা দেখাৰ পিছত আপুনি পৰ্বতৰ দাঁতিত এজোপা সৰু পাইন গছ দেখিলে। ইয়াৰ ফলত আপােনাৰ মনত নাে কেনে প্রতিক্রিয়া হ'ল?

     ইয়াৰ ফলত আপােনাৰ মনত বাৰু এনে ধাৰণা জন্মিল নেকি, পাইনজোপাতকৈ সেই বিশাল ৰেড উডজোপা বেছি মহত্তৰ? 

      আশা কৰো আপােনাৰ মনত এনে ধৰণৰ বিভ্ৰান্তৰ উদ্ভৱ নহব। কিয়নাে আপুনি মাথােন দুজোপা গছক এটা নির্দিষ্ট সময়তহে দেখিছে। তদুপৰি গছদুজোপাৰ প্রজাতি, স্থান, বয়স ইত্যাদি সকলাে বেলেগ বেলেগ। ফলত সিহঁতৰ মাজত আকাৰগত গঠনো পৃথক পৃথক। সেয়ে সিহঁতৰ ইটোৰ লগত সিটোৰ কোনাে তুলনা নহয়।

      এইখিনিতে কৈ থােৱা ভাল যে, নিজৰ নিজৰ ক্ষেত্রত দুজোপা গছৰেই বিশেষত্ব আছে। পাহাৰৰ এঢলীয়া ঠাইত পাইনজোপা যেনেদৰে থিয় হৈ থাকিব পাৰিছে, বিশাল ৰেডউডজোপা কিন্তু তেনেদৰে নােৱাৰিলেহেঁতেন। সি বাগৰি পৰিলেহেঁতেন। পাইনজোপাৰ লাহি দেহাৰ বাবেই সি তেনেদৰে নিজকে থিয় কৰাই ৰাখিব পাৰিছিল। আমাৰ জীৱনৰ বেলিকাও এই কথা সমানে প্রযােজ্য। নিজৰ নিজৰ ঠাইত আমি সকলােবে যথাযথ।

   ওপৰত আলােচিত গছজোপাৰ দৰে আপুনি যেতিয়া দুজন মানুহক দেখিব, তেতিয়া আপুনি তেওঁলােকক দুজন পৃথক মানুহ হিচাপেই গণ্য কৰিব। দুয়ােকে সনা-পোতকা কৰি নেপেলাব।

    আপুনি যদি তেওঁলােকৰ দুজনৰ মাজত পার্থক্য খিনি মচি পেলাই দুয়ােকো একাকাৰ কৰি পেলায়, তেনেহলে তেওঁলােকৰ নিজস্ব বৈশিষ্ট্যবােৰ নষ্ট হৈ যাব। মনত ৰাখিব, এই পৃথিৱীত প্রতিগৰাকী মানুহেই নিজৰ নিজৰ বিশেষ গুণ-সম্পন্ন ব্যক্তি। সেয়ে ইজনৰ লগত সিজনৰ নানা ধৰণৰ পার্থক্য থাকে। প্ৰতিগৰাকীমানুহেই নিজৰ নিজৰ ক্ষেত্রত দক্ষতাসম্পন্ন নিপুণ।

      আপুনি যেতিয়া কথাবােৰ এনেদৰে চাব পাৰিব, মানুহৰ বৈচিত্র্যৰ কথাটো অন্তৰেৰে মানি লব পাৰিব, তেতিয়া আপােনাৰ মনত কোনাে প্রতিযােগিতাৰ কথা আৰু কেতিয়াও উদয় নহয়।

আগতে কৈ অহা হৈছে, প্রতিগৰাকী মানুহৰ মাজতেই কিবা নহয় কিবা গুণ থাকে। আপােনাৰ মাজত যি গুণ আছে, সেইটো আন বহুতৰে মাজতে নাথাকিব পাৰে। নথকাটোৱেই স্বাভাবিক। এই কথাটো সকলাে সময়তে মনত ৰাখিব। আনহাতে, এনে হােৱাও দেখা গৈছে, কাৰোবাৰ মাজত থকা বিশেষ গুণবিধ আপােনাৰ মাজত নাই।

তেনেহলে ইয়াৰ অৰ্থবাৰু এয়েই নেকি যে, প্রথমটো ক্ষেত্ৰত আপুনি এজন মহৎ ব্যক্তি আৰু দ্বিতীয় ক্ষেত্ৰত এজন নিম্ন শ্ৰেণীৰ ব্যক্তি?

“আনৰ কি আছে, মােৰ কি নাই, অন্যান্য ব্যক্তিসকল মােতকৈ কিমান বেছি গুণৰ অধিকাৰী", এইবােৰ চিন্তা পৰিহৰ কৰক। আপােনাৰ মাজত যিবােৰ গুণ আছে, সেই গুণবােৰৰ সম্পূর্ণ বিকাশ সাধন কৰি জীৱনৰ বাটত কামত লগাওক। সেই গুণবােৰেৰেই জীৱনত সফল হবলৈ চেষ্টা কৰক। ইতিবাচক দৃষ্টিভঙ্গীৰে জীৱনৰ সকলাে দিশ বিশ্লেষণ কৰক। আৰু এনে কৰিব পাৰিলে জীৱনটোক আপুনি সুন্দৰ আৰু পৰিপূৰ্ণভাৱে উপভােগ কৰিব পাৰিব।


  ( The Science of Personal Achievement- অৰ নিৰ্বাচিত অংশৰ মুকলি অনুবাদ)

     

              মুল 

      নেপোলিয়ন হিল (Napoleon Hill)

Comments

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।