দিন-দুপৰৰ ভুতৰ কাহিনী

আজি দিনৰ ১০ বজাৰ সময়খিনিতে মই মোৰ মটৰচাইকেল খনৰে আগৰ দৰে ওলাই আহিলো । মটৰচাইকেল খনত তেল ভৰাই টাউনৰ মাজৰে নগৈ , বিশ্বনাথ চাৰিআলি ৰ দ গাও ৰ মাজেৰে বৰপুখুৰী লৈ বুলি যাবলৈ ওলালো ।। আগৰ দৰে ই মটৰচাইকেল খন Normal Speed 20/30 ত দগাও ৰ মাজেৰে ই ভিতৰৰ ৰাস্তাইদি যাত্ৰা কৰিলো । দগাওৰ অলপ হাবি যেন লগা ৰাস্তা টো দি গৈ বাওহাতে এটা ঘৰ আৰু অলপ আগত এজোপা প্ৰকাণ্ড গছ । মোৰো আগৰ দৰে ই মটৰচাইকেল খন Normal Speed ত গৈ আছো (সময় :-দিনৰ ১০:১৫ মান হ'ব ) ।। নিজান পথ কোনো নাই মোৰ বাহিৰে হথাৎ গছ জোপা ৰ তলৰ পৰা এটা অকমানি ল'ৰা । গাত কাপোৰ নাই , ৰঙা ৰঙৰ এখন কাপোৰ ককালত মেৰিয়াই থৈছে ।। ল'ৰা টো দেখি  ৰাস্তা ত ঘাঁহ খাই থকা গৰূ পোৱালি দুটা ও  দৌৰি পলাইছে  ।। কিন্তু চকুৰ প্ৰচাৰতে ল'ৰা টো কেতিয়া আহি মোৰ চলন্ত মটৰচাইকেল খনত হেচা দি মোক জংঘলৰ ফালে ঠেলি দিলে , মই ভাবিবলৈ সময়ে নাপালো । মই ও যেনে তেনে গৈ বাইক খন Control ত আনি , হাবি খিনি ত গৈ বাগৰি পালো ।। উঠি ল'ৰাটো ক ধৰো বুলি ঘূৰি চাও , কোনো নাই , বুকু খন ধিপিংকৈ মাৰিলে কথা টো কি ? মই মটৰচাইকেল খনে সৈতে পৰা দেখি এজন দুৰৰ পৰা মানুহ এজনে দেখি আছিল । দৌৰি আহি মোক উঠালেহি ।। ৰাস্তা ই দি অহা বৃদ্ধ মানুহ এজনে ও মোক মটৰচাইকেল খনত সৈতে মোক হাবিৰ পৰা ওলিয়াই আনিলে ।। বয়সীয়াল বৃদ্ধ জনে কলে তোমাৰ সৈতে ৫ /৬ জনৰ একে দশা হৈছে ।। জানিব লৈ বাকী একো নাথাকিল । জীৱন ত প্ৰথম বাৰৰ বাবে ভয় খাইছো আজি ।। কিন্তু এতিয়াও প্ৰশ্ন ল'ৰাটো আছিল কোন ?

  
    Warning (এইবোৰ সকলো মনে গঢ়া কাল্পনিক কাহিনীহে)

Comments

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

সুখী জীৱনৰ সন্ধানত

আত্মসম্মান বা আত্মমর্যাদা

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।